dcsimg

গেৰেলা ( Assamese )

provided by wikipedia emerging languages

গেৰেলা (ইংৰাজী: Hog badger; বৈজ্ঞানিক নাম:Arctonyx collaris) এবিধ সৰু আকাৰৰ স্তন্যপায়ী নিশাচৰ প্ৰাণী৷ অসমৰ বিভিন্ন অঞ্চলত এই প্ৰাণীবিধ দেখা পোৱা যায়৷

বিৱৰণ

গেৰেলাৰ গা মলিয়ন মুগাৰ ওপৰত মলিয়ন ক'লা পটীৰে অনিয়মিতভাৱে আঁকবাঁক (irregularly striped) থকা৷ ইয়াৰ উচ্চতা ৰাম-শিয়ালৰ সমানেই,মাত্ৰ কিছু চুটি আৰু ঠেং শিয়ালতকৈ শকত৷ পিছ ঠেং দুখন আগঠেঙতকৈ যথেষ্ট চুটি৷ মুখ ছাইবৰণীয়া আৰু কিছূ জোঙা৷ কাণৰ ওপৰভাগ ধেনুভিৰীয়া আৰু বহল৷ [2]

আচৰণ

গেৰেলা সাধাৰণতেই গোপনতাপ্ৰিয় (secretive) প্ৰাণী৷

খাদ্য

গেৰেলা মাংসহাৰী যদিও প্ৰধানত: অপমাৰ্জক (scavenger)৷ ই মৰা গৰু-ম'হ খাই জীয়াই থাকে৷ সুবিধা পালে বেং, কেকোঁৰা, শামুক, মাছ আদিও খায়৷[2]

প্ৰজনন

গেৰেলাই বাঁহৰ মূঢ়াত বা ডাঙৰ গছৰ গুৰিৰ খোৰোঙত বাঁহ সাজে৷ দুবছৰৰ মূৰত এটা বা দুটা পোৱালি জগায়৷

তথ্যসুত্ৰ

  1. 2.0 2.1 কীৰ্তিনাথ মহন্ত (২০১৩). অৰণ্য জীৱনৰ ৰোমাঞ্চকৰ কাহিনী. বনলতা. পৃষ্ঠা. ১৪৫-১৪৯.
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

গেৰেলা: Brief Summary ( Assamese )