dcsimg

দৈকলা ( Assamese )

provided by wikipedia emerging languages
 src=
ৰাজস্থানত প্ৰজনন নোহোৱা কালত এটা দৈকলা

দৈকলা [2](ইংৰাজী: Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি৷ ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত৷ [3]

বিৱৰণ

 src=
উৰন্ত অৱস্থাত দৈকলা
 src=
হাৰিয়ানাত প্ৰজনন কালত দৈকলা

দৈকলা এবিধ ডাঙৰ আকাৰৰ আৰু ক'লা বৰণৰ জলচৰ চৰাই৷ অৱশ্যে ই বিস্তৃত হৈ থকা অঞ্চলভেদে ইয়াৰ আকাৰ আৰু দেহৰ ৰঙৰ তাৰতম্য দেখা পোৱা যায়৷ ইয়াৰ ওজন সাধাৰণতে ১.৫ কি:গ্ৰা: হয়৷[4] [5][6]দৈকলাৰ দেহৰ দৈৰ্ঘ্য ৭০-১০২ ছে:মি: পৰ্যন্ত হ'ব পাৰে৷[7][8] ইয়াৰ নেজ দীঘল, ডিঙিত হালধীয়া দাগ আছে৷ পূৰ্ণবয়স্ক দৈকলাৰ প্ৰজনন কালত উৰু অংশত বগা দাগ দেখা যায়৷

টেক্স'নমি

 src=
গ্ৰীচত এটা এলবিন' দৈকলা চৰাই[9]

দৈকলাৰ কেইবাবিধো উপ-প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত প্ৰধান হৈছে-

বিতৰণ

দৈকলা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ চৰাইৰ প্ৰজাতি৷ ইয়াক দক্ষিণ আমেৰিকা তথা এন্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সকলো মহাদেশতে দেখা পোৱা যায়৷

বাসস্থান

দৈকলাই সাধাৰণতে হ্ৰদ, নৈ, জান-জুৰি আদি বিভিন্ন ধৰণৰ জলাশয়ত চৰে৷

আচৰণ

খাদ্য

দৈকলাই পানীৰ যথেষ্ট গভীৰলৈকে যাব পাৰে যদিও প্ৰায়ে ই অগভীৰ পানীত চিকাৰ ধৰি খায়৷ ই বিভিন্ন ধৰণৰ সৰু-বৰ মাছ খাই জীয়াই থাকে৷

প্ৰজনন

দৈকলাই সাধাৰণতে জলাশয়ৰ আশে পাশে শিলাময় পাহাৰত বা গছত বাহ সাজে৷ বাহ সাজিবলৈ ই গছৰ ডাল-পাত আদি ব্যৱহাৰ কৰা দেখা যায়৷ ই এবাৰত ৩-৪ টাকৈ কণী পাৰে৷

মানুহৰ সৈতে সম্পৰ্ক

দৈকলাক চীন, জাপানকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত সমূহীয়াকৈ মাছ ধৰা কামত মাছমৰীয়া সকলে ব্যৱহাৰ কৰি আহিছে৷ এই প্ৰক্ৰিয়াত মাছমৰীয়া জনে দৈকলাৰ ডিঙিত মাছ গিলিব নোৱাৰাকৈ এডাল ৰছী বান্ধি দিয়ে আৰু মাছ ধৰা সৰু নাওৰ লগত আগবাঢ়ি যাবলৈ দিয়ে৷ দৈকলাই মাছ ধৰিবলৈ সক্ষম হয় কিন্তু ৰছীডালৰ বাবে সম্পূৰ্ণকৈ গিলি পেলাব নোৱাৰে ৷ গতিকে এই পৰ্বৰ শেষত মাছমৰীয়াই দৈকলা চৰাইৰ মুখৰ পৰা মাছবোৰ সংগ্ৰহ কৰি লয়৷

স্থিতি তথা সংৰক্ষণ

 src=
চীনত দৈকলাৰ সহায়ত মাছ ধৰা অৱস্থাত

বহুতো মাছমৰীয়াই দৈকলাক মাছৰ বাবে নিজৰ প্ৰতিযোগী বুলি গণ্য কৰে আৰু এইবাবেই অতীজত দৈকলাৰ বিস্তৰ পৰিমাণে চিকাৰ কৰা হৈছিল৷ অৱশ্যে পৰৱৰ্ত্তী কালত ইয়াৰ সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ লোৱাত ইয়াৰ জনসংখ্যা বিলুপ্তিৰ পৰা ৰক্ষা পৰে৷[11] কিন্তু ইয়াৰ ক্ৰমাৎ বৃদ্ধি পোৱা জনসংখ্যাই পুনৰ মাছমৰীয়াসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ [12][13]

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসুত্ৰ

  1. BirdLife International (2012). "Phalacrocorax carbo". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003679। আহৰণ কৰা হৈছে: 16 July 2012.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
  4. Ribak, Gal; Weihs, Daniel; Arad, Zeev (2005). "Water retention in the plumage of diving great cormorantsPhalacrocorax carbo sinensis". Journal of Avian Biology খণ্ড 36 (2): 89. doi:10.1111/j.0908-8857.2005.03499.x.
  5. Cormorant. The Canadian Encyclopedia. Retrieved on 2012-08-21.
  6. Great Cormorant, Identification, All About Birds – Cornell Lab of Ornithology. Birds.cornell.edu. Retrieved on 2012-08-21.
  7. Field Guide to the Birds of East Africa: Kenya, Tanzania, Uganda, Rwanda, Burundi by Stevenson & Fanshawe. Elsevier Science (2001), ISBN 978-0856610790
  8. Great Cormorant, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2012-08-21.
  9. "Phalacrocorax carbo Albino (Great Cormorant, Great Black Cormorant)". MCH Portal: The Art and Science of Fishkeeping. June 14, 2011. http://www.mchportal.com/photography-galleries/macro-and-nature-mainmenu-52/birds-mainmenu-54/869-phalacrocorax-carbo-cormorant-albino.html। আহৰণ কৰা হৈছে: June 27, 2011.
  10. Barrie Heather and Hugh Robertson, "The Field guide to the Birds of New Zealand"(revised edition), Viking, 2005
  11. Wetland International Cormorant Researg Group: Cormorants in the western Palearctic, Distribution and numbers on a wider European scale
  12. FAO publication: Workshop on a European Cormorant management Plan, 20–21 November 2007; EIFAC, European Inland Fisheries Advisory Commission
  13. European Parliament resolution of 4 December 2008: "on the adoption of a European Cormorant Management Plan to minimise the increasing impact of cormorants on fish stocks, fishing and aquaculture"

লগতে চাওক

  • Sibley, C. G., & Monroe, B. L. (1990). Distribution and taxonomy of birds of the world. New Haven CT: Yale University Press.
  • Ian Sinclair, Phil Hockey and Warwick Tarboton, SASOL Birds of Southern Africa (Struik 2002) ISBN 1-86872-721-1
Separation of carbo and sinensis
  • Newson, Stuart, Graham Ekins, Baz Hughes, Ian Russell and Robin Sellers (2005) Separation of North Atlantic and Continental Cormorants Birding World 18(3):107–111
  • Millington, Richard (2005) Identification of North Atlantic and Continental Cormorants Birding World 18(3):112–123

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

দৈকলা: Brief Summary ( Assamese )

provided by wikipedia emerging languages
 src= ৰাজস্থানত প্ৰজনন নোহোৱা কালত এটা দৈকলা

দৈকলা (ইংৰাজী: Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি৷ ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors