dcsimg

নাহৰ ( Assamese )

provided by wikipedia emerging languages

নাহৰ (ইংৰাজী: Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত এক প্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী আৰু সংস্কৃত ভাষাত নাগকেশৰ বোলা হয় । নাহৰ শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত ।

বৰ্ণনা

এই গছ প্ৰায় ১০০ ফুট ওখ হয়। গছৰ গুৰিৰ পৰিধি প্ৰায় ২ মিটাৰ হ'ব পাৰে। ইয়াৰ ডাল বৰ লাহি । বাকলি ০.৫ ইঞ্চি। ইহঁতৰ কাণ্ডৰ পৰা আঠা পোৱা যায়। এই গছৰ কাঠ বৰ টান হয়। কাঠৰ ৰং ৰঙা । ই ধীৰ গতিত ডাঙৰ হয়। নাহৰ শোভা বৰ্ধক গছ। ইয়াৰ পাত আৰু ফুল উভয়ই সুন্দৰ। ফুলৰ সুগন্ধ আছে। ই এক প্ৰকাৰৰ শোভাবৰ্ধক , চিৰসেউজীয়া উদ্ভিদ । পাপৰিৰ ৰঙ বগা, পুংকেশৰবোৰ সোণালী , যি ফুলৰ সৌন্দৰ্য্যত নতুন মাত্ৰা যোগ কৰিছে। সব মিলি এই ফুল বৰ্ণে-গোন্ধে অনন্য। ফুল উভয়লিংগী। সাধাৰণতে নাহৰ ফুল বসন্ত ঋতুত ফুলে । কিন্তু বৰ্ষা ঋতুতো ফুল ফুলা দেখা যায়। পাতবোৰ সৰু আৰু বল্লমাকৃতি। গোটেই বছৰ নতুন নতুন পাত গজা এই গছৰ অন্যতম বৈশিষ্ট্য। পাতৰ বিন্যাস ঘনবদ্ধ । পিৰামিড আকৃতিৰ গঠন, ৰঙীণ কুঁহিপাত, শুভ্ৰপুষ্পৰ স্নিগ্ধ শোভা ইত্যাদিৰ কাৰণে পথৰ দাঁতিত নাহৰ ৰোপণ কৰা হয় । গোলকীয় শংকু আকৃতিৰ খোলাৰে আবৃত্ত হৈ এটা অথবা দুটা গুটি ধাৰণ কৰে। গৃহসজ্জা আৰু পূজাৰ উপকৰণত ইয়াৰ ফুল লাগে। অসমীয়া সংস্কৃতিৰ লগত নাহৰ বহুপ্ৰকাৰে জড়িত ।

ব্যৱহাৰ

ইংৰাজী নামটোৱে (Ceylon Ironwood) আভস দিয়াৰ ধৰণেৰেই নাহৰ কাঠ অতি কঠিন আৰু গধুৰ। সাধাৰণ কৰতেৰে ইয়াক ফালিব নোৱাৰি। কাঠৰ ৰং গাঢ় ৰঙা আৰু ঘনত্ব ১৫% আৰ্দ্ৰতাত সাধাৰণতে প্ৰতি ঘনমিটাৰত ৯৪০-১,১৯৫ কিলেগ্ৰাম। ঘৰৰ ঘাঁঠনিত খুটা হিচাপে আৰু ৰেলপথৰ শ্লীপাৰ হিচাপে পূৰ্বতে ব্যৱহাৰ হৈছিল। শ্ৰীলংকাৰ কেণ্ডিস্থিত এম্বেকা দেৱালয়ৰ খুটাসমূহত নাহৰ কাঠ ব্যৱহাৰ হৈছিল। বৃটিছসকলে কেৰাছিন তেলৰ প্ৰচলন কৰাৰ আগতে অসমত নাহৰ গুটি আৰু তেল ঘৰুৱা প্ৰজ্বালক হিচাপে ব্যৱহাৰ কৰিছিল।

বিস্তাৰ

নাহৰৰ আদি নিবাস শ্ৰীলংকা। সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ইয়াক প্ৰচুৰ দেখা যায়। সাগৰপৃষ্ঠৰ ১০০০ৰ পৰা ১৫০০ মিটাৰ উচ্চতালৈ ই জন্মিব পাৰে।[1] বৰ্তমান নাহৰ গছ বহুতো প্ৰজাতিত উপলব্ধ হৈছে।

നാഗപ്പൂവു്.jpg

ঔষধি গুণ

সাপে খুটিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি খোটা ঠাইত লগাব লাগে বুলি বিশ্বাস আছে। ভাৰত, মালয়েছিয়া ইত্যাদি দেশত জৈৱিক ঔষধি ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ উপৰিও সুগন্ধি ধূপকাঠি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।

 src=
নাহৰ

অন্যান্য ভাষাত নাম

 src=
নাহৰ ফুল ও পাতা

তথ্যসূত্ৰ

  1. AgroForestryTree Database, entry: “Mesua ferrea”. “biotik.org Database, entry “Mesua ferrea L. – Clusiaceae”. A.J.G.H. Kostermans “Clusiaceae (Guttiferae)’’ in M. D. Dassanayaka and F. R. Fosberg, eds., A revised handbook to the flora of Ceylon, Volume I, New Delhi 1980, pp. 107–110. Ashton M, Gunatilleke S, de Zoysa N, Dassanayake MD, Gunatilleke N, Wijesundera S. A Field Guide to the Common Trees and Shrubs of Sri Lanka. Colombo 1997 p. 140.

বহ্যিক সংযোগ

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

নাহৰ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

নাহৰ (ইংৰাজী: Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত এক প্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী আৰু সংস্কৃত ভাষাত নাগকেশৰ বোলা হয় । নাহৰ শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত ।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors