নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac[1] বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷[2]নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷[2] তৰোপৰি নগা টেঙাৰ গছত এবিধ পতংগ (Aphid) ৰ আক্ৰমণৰ ফলত উৎপন্ন হোৱা টেমুনা (galls) বোৰৰ পৰা বিভিন্ন পৰম্পৰাগত চীনা ঔষধ তৈয়াৰ কৰা হয়৷
নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া হয়৷ বাকলিৰ উপৰিভাগত খহুলা-খহুলি দাগৰ উৎপত্তি হয়৷ গছজোপাৰ মূল ঠাৰিৰ পৰা শাখা পাতবিলাকে বিকাশ লাভ কৰে৷ [2]
ইয়াৰ পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷ পাতৰ দাঁতিত খাঁজ কটা দাগ থাকে৷ পাতৰ মূল সিৰ বা ঠাৰিৰ দাঁতিকাষৰীয়া ঠাইত চুটি চুটি নোমৰ আৱিৰ্ভাৱ হয়৷ পাতৰ দুয়োকাষে ১০-১৫ যোৰা উপ-সিৰাৰ বিকাশ হয়৷[2]
নগাটেঙাৰ থোপা-থোপে ফুল ফুলে৷ এই ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া ৰং ধৰে৷ ফুল পুৰঠ হ’লে দেখাত এক খহুলা খহুলি কিন্তু কোমল ফলৰ উৎপত্তি হয়৷ এই ফলৰ সোৱাদ টেঙা হয়৷[2]
নগা টেঙাৰ ফল আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷[2]
নগা টেঙাৰ গছত এবিধ পতংগ (Aphid) ৰ আক্ৰমণৰ ফলত উৎপন্ন হোৱা টেমুনা (galls) বোৰ পৰম্পৰাগত চীনা ঔষধত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়৷[3][4][5]
নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ তৰোপৰি নগা টেঙাৰ গছত এবিধ পতংগ (Aphid) ৰ আক্ৰমণৰ ফলত উৎপন্ন হোৱা টেমুনা (galls) বোৰৰ পৰা বিভিন্ন পৰম্পৰাগত চীনা ঔষধ তৈয়াৰ কৰা হয়৷