কঠনা ফুল (ইংৰাজী: Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero's Crown)[2][3] হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দৈত বা আধাদৈত, পুষ্পদণ্ডৰ আগত ৫টি পাহি থাকে, পাহিবোৰ চেপেটা। ফল সেউজীয়া, ভিতৰত ৰঙা আৰু বিদাৰী।
ইয়াৰ দ্বিপদী বৈজ্ঞানিক নাম Tabernaemontana divaricata। বাংলাদেশত ইয়াৰ অন্য জনপ্ৰিয় নাম কাঠমল্লিকা। কাঠমল্লিকা ফুলৰ আৰু অনেক সুন্দৰ সুন্দৰ নাম আছে, যেনে: চাঁদনী, কড়ি। কাণ্ডত গাখীৰৰ দৰে ৰস থাকে বাবে ইয়াক কোনো কোনো এলেকাত দুধফুল নামেও আখ্যায়িত কৰা হয়। ইয়াৰ মূল সৌন্দৰ্য্য হৈছে বিশুদ্ধ বগা বৰ্ণৰ ফুল।
কঠনা ফুল (ইংৰাজী: Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero's Crown) হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দৈত বা আধাদৈত, পুষ্পদণ্ডৰ আগত ৫টি পাহি থাকে, পাহিবোৰ চেপেটা। ফল সেউজীয়া, ভিতৰত ৰঙা আৰু বিদাৰী।