dcsimg

মেৰমেৰী লতা ( Assamese )

provided by wikipedia emerging languages

মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii, অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ৷ এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়৷ নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়৷[5]

বিৱৰণ

 src=
মেৰমেৰী লতা

মেৰমেৰী লতাডাল আকাৰত ডাঙৰ হয়৷ ইয়াৰ ঠাৰিডালৰ গঠন এনে হয় যে লতাডালৰ ভিতৰফালে থকা আঁহবোৰ পকোৱা-পকি হৈ লতাডালে এটা ভগা-ছিগা ৰূপ লয়৷ লতাৰ ডালবোৰৰ পৰা ওলাই অহা উপ-ডালবোৰৰ গঠন কেতিয়াবা হাকোটাৰ দৰে হৈ পৰে৷

মেৰমেৰী লতাৰ পাতবোৰ আকাৰত ডাঙৰ, ধপলা ধপল৷ ইয়াৰ ফুলৰ বৰণ বগা বা মাখন বৰণীয়া হয়৷[5]

ব্যৱহাৰ

মেৰমেৰী লতাৰ পৰা অসমত পঘা বা ৰচি তৈয়াৰ কৰা হয়৷ ইয়াৰ পাতবিলাক কাঁহী বা থালি হিচাপেও ব্যৱহাৰ কৰা হয়৷

চিত্ৰভঁৰাল

তথ্যউৎস

  1. The Legume Phylogeny Working Group (LPWG). (2017). "A new subfamily classification of the Leguminosae based on a taxonomically comprehensive phylogeny". Taxon খণ্ড 66 (1): 44–77. doi:10.12705/661.3. http://www.ingentaconnect.com/contentone/iapt/tax/2017/00000066/00000001/art00004.
  2. "The genus Bauhinia s.l. (Leguminosae): A phylogeny based on the plastid trnLtrnF region". Botany খণ্ড 87 (10): 947–960. 2009. doi:10.1139/B09-065.
  3. Wunderlin RP (2010). "Reorganization of the Cercideae (Fabaceae: Caesalpinioideae)". Phytoneuron খণ্ড 48: 1–5. http://www.phytoneuron.net/PhytoN-Cercideae.pdf.
  4. Sinou, C., Forest, F., Lewis, G. P., Bruneau, A.. (2009). "The genus Bauhinia s.l. (Leguminosae): a phylogeny based on the plastid trnLtrnF region". Botany খণ্ড 87 (10): 947–960. doi:10.1139/B09-065.
  5. 5.0 5.1 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

মেৰমেৰী লতা: Brief Summary ( Assamese )

provided by wikipedia emerging languages

মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii, অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ৷ এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়৷ নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors