শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে ৷ পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি ৷ শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায় [1]৷
প্লিষ্টচিন যুগৰ শৰপহুৰ জীৱাশ্ম উদ্ধাৰে এই জীৱ বিধ দক্ষিণ এছিয়াত প্ৰথম উৎপত্তি হৈছিল বুলি প্ৰমাণ কৰিছে৷ তাৰ পিছত ক্ৰমান্বয়ে ই হয়তো অন্যান্য বসতিস্হল সমূহলৈ বিস্তাৰিত হ’ল[2]৷
বৰ্তমানলৈকে শৰপহুৰ সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে [2][3] -
শৰপহুৰ দৈহিক গঠন ঠাই বিশেষে ভিন্ন হোৱা দেখা যায়৷ সাধাৰণতে ইয়াৰ কান্ধলৈকে উচ্চতা প্ৰায় ১০২-১৬০ ছে: মি: আৰু ওজন প্ৰায় ২২৫-৩২০ কি: গ্ৰা:[4]৷ পশ্চিমৰ উপ-প্ৰজাতি সমূহৰ দেহৰ আকাৰ পূব দিশত বিস্তৃত জন্তুতকৈ ডাঙৰ হোৱা দেখা যায় [2]৷
দেহৰ বৰণ হালধীয়া-মটীয়া বা ডাঠ মটীয়া হয়৷ শৰপহুৰ সৰু কিন্তু ঘন কেশৰো থাকে৷ তুলনামূলক ভাৱে দীঘল, ক’লা নেজ এডাল থাকে৷ [2] মতা শৰপহুৰ মূৰত শিং (antler) থাকে৷
শৰপহু প্ৰধানত: ভাৰতবৰ্ষ, বাৰ্মা, থাইলেণ্ড, ইণ্ডোনেছিয়া, চীন আৰু সুমাত্ৰা তথা বৰ্ণিয়’ ত পোৱা যায় [1]৷
শৰপহুয়ে পৰ্ণপাতী অৰণ্যৰ ডাঠ জোপোহা তথা ঘাঁহনিত থাকি ভাল পায় [5]৷ এই প্ৰাণীবিধে ঘাঁহ, পাত, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে [5]৷
শৰপহু সাধাৰণতে নিশাচৰ৷ মতা প্ৰাণীবোৰে জীৱনৰ সৰহভাগ সময় অকলশৰেই কটায় ৷ মাইকী শৰপহু সৰু সৰু দলত বাস কৰে৷ পানীৰ উৎসৰ কাষত থাকে৷ শৰপহু সাঁতোৰাত পাকৈত বুলি জনা যায় [2]৷ আনবোৰ পহুৰ দৰেই শৰপহু স্বভাৱত শান্ত প্ৰাণী৷
ই সমগ্ৰ বছৰ ধৰি প্ৰজনন কৰে৷ মাইকী প্ৰাণীয়ে আঠ মাহলৈকে গৰ্ভধাৰণ কৰে৷ সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম হয়৷ পোৱালিয়ে জন্মৰ ৫-১৪ দিনৰ ভিতৰত কঠিন আহাৰ খাবলৈ আৰম্ভ কৰে [6]৷
সাধাৰণতে আয়ুস প্ৰায় ১২ বছৰমান হয় [2]৷
শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে ৷ পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি ৷ শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায় ৷