ইটাগুৰীয়া [2] (ইংৰাজী: Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷
ইটাগুৰীয়াৰ দেহৰ আকাৰ সৰু, দৈৰ্ঘ্য প্ৰায় ৩৮ ছে: মি:৷ ইয়াৰ ডিঙি চুটি, ঠোঁট দীঘল৷ পূৰ্ণবয়স্ক মতা ইটাগুৰীয়াৰ দেহটো মাখন বৰণীয়া আৰু পেট অংশ বগা৷ মাইকী ইটাগুৰীয়া চৰাই মতাটোৰ সৈতে দেখিবলৈ একে যদিও ইয়াৰ পৃষ্ঠ অংশ আৰু মূৰৰ মুকুটটো ক'লা বৰণৰ হোৱা দেখা যায়৷ পোৱালি ইটাগুৰীয়াৰ দেহটো মটীয়া ঘন আঁচেৰে পূৰ্ণ হৈ থাকে৷
ইটাগুৰীয়া বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, কোৰিয়া, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, পাকিস্তান, ফিলিপাইন্ছ, চিংগাপুৰ, শ্ৰীলংকা, টাইৱান, থাইলেণ্ড, ভিয়েটনাম আদি দেশত স্থানীয় চৰাই৷ আনহাতে আফগানিস্তান, ওমান, আৰব আদিত ইয়াক কেতিয়াবা কেতিয়াবা দেখা পোৱা যায়৷[3]
ইটাগুৰীয়াক বাহত বা অন্য ঠাইত চৰি থকা অৱস্থাত ভয় খুৱালে বা সজাগ কৰি তুলিলে ই এবিধ বিশেষ ধৰণৰ আচৰণ দেখুৱায়৷ ইয়াৰ ডিঙিটো উলম্বভাৱে মেলি দি ঠোঁটটো আকাশলৈ টোঁৱাই সমগ্ৰ দেহতো ঠাইতে থৰ লাগে আৰু বাহ্যিক পৰিৱেশৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়৷[4]
ইটাগুৰীয়া চৰায়ে সাধাৰণতে পোক-পতংগ, মাছ , উভচৰ প্ৰাণী আদি চিকাৰ কৰি খায়৷ ইয়াক সহজে দেখা পোৱা নাযায় কাৰণ ই গধূলি সময়তহে খাদ্যৰ সন্ধানত ওলাই আহে৷
ইটাগুৰীয়াই সাধাৰণতে জলচৰ ঘাঁহজাতীয় বননিত চৰে৷ এনে বননিত পানীয়ে ঢুকি নোপোৱাকৈ ই জোপোহাৰ মাজত বাহ সাজে৷ এবাৰত ৪-৬ টাকৈ কণী পাৰে৷
ইটঅগুৰীয়া সমগ্ৰ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াৰ জনসংখ্যা বৰ্তমান প্ৰায় স্থিতাৱস্থাত আছে৷ এই দিশসমূহলৈ লক্ষ্য কৰি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷[5]
ইটাগুৰীয়া (ইংৰাজী: Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷