বাদুলি (ইংৰাজী: Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে৷ বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে৷ ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে৷ কিছুমান বাদুলিৰ প্ৰজাতি, বিশেষকৈ নেজযুক্ত বাদুলিৰ নেজডালো চামৰাৰ আৱৰণখনে আৱৰি থকা দেখা যায়। পৃথিৱীত প্ৰায় ১২৪০টা প্ৰজাতিৰ বাদুলি আছে। বাদুলিৰ প্ৰজাতিসংখ্যা স্তন্যপায়ী প্ৰাণীৰ মুঠ প্ৰজাতিসংখ্যাৰ শতকৰা ২০ ভাগ[1]।
উৰণ বৈশিষ্ট্যই বাদুলিক পৃথিৱীত এক বহুল ভাৱে বিস্তৃত স্তন্যপায়ী প্ৰাণী ৰূপে পৰিগণিত কৰিছে৷ পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে ইহঁতক দেখিবলৈ পোৱা যায়। বিভিন্ন ঋতুত বেলেগ বেলেগ প্ৰজাতিৰ আবাসভূমিৰ নিৰ্ণয়ৰ প্ৰণালীও বেলেগ বেলেগ[2]। গ্ৰীষ্মপ্ৰধান অঞ্চলেই বাদুলিৰ প্ৰিয় যদিও শীতল আৰু উষ্ণ সাগৰীয় উপকূল অঞ্চল, পৰ্বতৰ উচ্চভূমি নতুবা মৰুভূমি অঞ্চলতো ইহঁতক দেখা যায় ৷ দিনৰ ভাগত ইহঁত গুহা, বিভিন্ন ফাঁক নতুবা নিৰ্জন ঠাইত থকা পুৰণি গছৰ ডাল আদিত ওলমি থাকে[3]। আন্ধাৰ হোৱাৰ লগে লগে ইহঁত সক্ৰিয় হৈ পৰে৷
বাদুলিক Chiroptera বৰ্গত অন্তৰ্ভূক্ত কৰা হৈছে৷ পৃথিৱীত পোৱা প্ৰায় ১২৪০ বিধ বাদুলিক মূলতঃ দুটা প্ৰধান ভাগত ভগোৱা হৈছে৷ আকৃতিত ডাঙৰ আৰু ফলভক্ষী বাদুলিবোৰক Megachiroptera (megabats) আৰু আকৃতিত সৰু পতংগভোজী তথা মাংসভোজী বাদুলিবোৰক Microchiroptera (microbats/echolocating bats) হিচাবে অন্তৰ্ভূক্ত কৰা হৈছে[4]। আটাইতকৈ সৰু বাদুলি হ'ল- Kitti's hog-nosed bat, দীঘল ২৯-৩৪ মি.মি. ডেউকাৰে সৈতে ১৫ চে.মি., ওজন ২-২.৬ গ্ৰাম[5] [6]। আটাইতকৈ ডাঙৰ বাদুলি হ'ল- Giant golden-crowned flying fox, দীঘল ৩৩৬ মি.মি., ডেউকাৰে সৈতে ১.৬ মি., আৰু ওজন প্ৰায় ১.১-১.২ কে.জি.[7]।
বাদুলি নিশাচৰ প্ৰাণী৷ আন্ধাৰত ইহঁতে সুকলমে ফুৰিব পাৰে৷ সাধাৰণতে সৰু জাতৰ পতংভোজী আৰু মাংসভোজী বাদুলিবোৰে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহৰ বাবে ইক'ল'কেশ্যন (echolocation) কৌশলৰ প্ৰদৰ্শন কৰে৷ এই জাতৰ বাদুলিবোৰে তাৰ স্বৰযন্ত্ৰৰপৰা এক ধৰণৰ অতিশব্দৰ (ultra-sound)সৃষ্টি কৰে আৰু সেই শব্দ বায়ুৰ মাজেদি অনুদৈঘ্য তৰংগৰ ৰূপত বিস্তাৰিত হৈ যাওঁতে গতিপথত কোনো বস্তুত বাধাপ্ৰাপ্ত হৈ ঘুৰি আহি পুনৰ কাণত পৰেহি৷ সেই প্ৰতিফলিত শব্দ গ্ৰহণৰ দ্বাৰা ইহঁতে খাদ্য বা অন্য বাধা আদিৰ বিষয়ে তৎকালেই অনুধাবন কৰিব পাৰে ৷ সেয়ে এনে প্ৰজাতিৰ বাদুলিবোৰৰ বৰষুণৰ সময়ত সময়ত ফুৰা-চকাত অসুবিধা পায়৷ আনহাতে ডাঙৰ জাতৰ ফলভক্ষী বাদুলিবোৰে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহৰ বাবে দৃষ্টিশক্তি আৰু ঘ্ৰাণশক্তিৰ সহায় লয় ৷ ফলভক্ষী বাদুলিবোৰ দিনৰ ভাগত মূৰটো তলৰ ফালে দি ভৰি দুখনেৰে ওলমি থাকে। আনহাতে মাংসভোজী আৰু পতংভোজী বাদুলিবোৰেগছৰ খোৰোং,গুহা, বাঁহৰ চুঙা বা ঘৰৰ চিলিং আদিত দিনৰ ভাগত লুকাই থাকে ৷ খাদ্যৰ সন্ধানত নতুবা উপযুক্ত পৰিবেশৰ সন্ধানত ইহঁতে প্ৰায়েই প্ৰবজন কৰা দেখা যায়৷ কিছুমান প্ৰজাতিৰ বাদুলিয়ে শীতৰ সময়চোৱা গুহা, ঘৰৰ চিলিং আদিত লুকাই থাকে ৷ এই নিস্কৃয় সময়চোৱাৰ বাবে ইহঁতে বেচি খাদ্য গ্ৰহণ কৰি শৰীৰত চৰ্বী জমা কৰি লয় ৷ [8]
বাদুলিৰ প্ৰজনন প্ৰক্ৰিয়া বৈশিষ্টপূৰ্ণ৷ জলবায়ু আৰু খাদ্যসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতে নিজৰ প্ৰজনন পক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে৷ গৰ্ভধাৰণৰ বাবে পৰিৱেশ অনুকূল নহ'লে মাতা বাদুলিজনীয়ে গৰ্ভ সঞ্চাৰৰ বাবে উপযুক্ত সময় নোহোৱালৈকে বীৰ্য সাঁচি ৰাখিব পাৰে৷ তাৰোপৰি পোৱালি দিয়াৰ ক্ষেত্ৰটো উপযুক্ত পৰিবেশৰ বাবে পোৱালি দিয়াৰ সময় আগুৱাব বা পিছুৱাব পাৰে[9]। বাদুলিয়ে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে৷ কিছুমান প্ৰজাতিয়ে দুই-তিনিটালৈকেও পোৱালি দিয়ে৷ অন্য স্তন্যপায়ী প্ৰাণীৰ নিচিনাকৈ পোৱালি ডাঙৰ নোহোৱালৈকে মাকে খোৱা-বোৱাৰ যতন লয়৷ সৰু পোৱালিয়ে সাধাৰণতে মাকৰ গাখীৰ খায়৷ সৰু বাদুলি বোৰ ৭-৮ সপ্তাহ মানতে উৰিব পৰা হয় ৷ বৰ বাদুলিবোৰ প্ৰায় চাৰিমাহ মানতহে উৰিব পৰা হয় ৷ বাদুলি প্ৰায় ২০ বছৰ কাল জীয়াই থাকে[10]।
বাদুলিৰ প্ৰজাতিভেদে খাদ্যাভ্যাসৰ তাৰতম্য আছে৷ ইহঁতে নিজৰ দেহৰ ওজনৰ ৫০% খাদ্য খাব পাৰে৷ প্ৰধান খাদ্যৰ ভিতৰত ফল, ফুলৰ মৌ, কীট-পতংগ, মেৰুদণ্ডী সৰু প্ৰাণী, অন্য প্ৰাণীৰ তেজ আদি[11]। নিশাচৰ পতংগৰ ভিতৰত- মহ-ডাঁহ, মথ, পঁইতাচোৰা আদিয়েই প্ৰধান৷ বাদুলিয়ে খ্ৰীপ্ৰভাৱে পতংগ ধৰিব পাৰে৷ এটা ৰাতিত ইহঁতে ৩,০০০ পৰা ৭,০০০ টালৈকে মহ ধৰি খাব পাৰে[12]। মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত ভেকুলী, মাছ, মকৰা, চৰাই, বাদুলি আদি সাধাৰণতে ধৰি খায়৷ সাধাৰণতে বৰবাদুলিবোৰে (Megabats) ফল, ফুলৰ মৌ আদি খায়৷ সৰু বাদুলিবোৰে (Microbats) কীট-পতংগ, মেৰুদণ্ডী সৰু প্ৰাণী, অন্য প্ৰাণীৰ তেজ ফল, ফুলৰ মৌ, আদি খায়৷
বাদুলিৰ বিষ্ঠা (guano) উদ্ভিদৰ বাবে এবিধ উৎকৃষ্ট সাৰ ৰূপে পৰিগণিত হৈছে৷ সেয়ে বাদুলি বাস কৰা গুহা আদিৰপৰা বহুল পৰিমাণে ইয়াৰ বিষ্ঠা সংগ্ৰহ কৰি খেতি পথাৰত যোগান ধৰা হয় [13]। বাদুলিয়ে পৰিবেশৰ ভাৰসাম্যতা বজাই ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ ফলভক্ষী বাদুলিবোৰে ফল খোৱাৰ পাছত অ'ত-ত'ত সিঁচৰিত কৰি পেলাই দিয়াৰ ফলত এক বহল ভিত্তিত উদ্ভিদৰ বংশবৃদ্ধি হয়৷ আনহাতে ফুলৰ মৌ খাওঁতে এপাহ ফুলৰ পৰাগৰেণুবোৰ আন এপাহ ফুলৰ গৰ্ভমুণ্ডলৈ স্থানানন্তৰিত কৰি বাদুলিয়ে ফুলৰ পৰাগযোগ হোৱাত সহায় কৰে৷ পতংভোজী বাদুলিবোৰো পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা অপৰিসীম৷ অতি উচ্চহাৰত বংশবৃদ্ধি হোৱা অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা কমাই ৰখাত বাদুলিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷
বৰ্তমান বন্য আবাসভূমি ধ্বংসৰ ফলত অন্য বন্যপ্ৰাণীবোৰৰ যি ভাবুকিৰ সৃষ্টি হৈছে, তাৰ কবলত বাদুলিও পৰিছে৷ বাদুলিৰ আশ্ৰয়স্থলৰ সংকোচন, খাদ্যাভাব,প্ৰাকৃতিক দুৰ্যোগ ফলত মৃত্যু, মানুহৰ দ্বাৰা বধ আদি কাৰণসমূহৰ বাবে পূৰ্বতে বিস্তৃতি থকা বহুতো অঞ্চলৰপৰা বাদুলি নোহোৱা হৈছে৷ বৰবাদুলিৰ আশ্ৰয়স্থান ওখ গছবোৰ কটাৰ ফলত সমূহীয়াভাবে বহুতো বাদুলিয়ে আশ্ৰয় স্থান হেৰুৱাইছে ৷ পাহাৰ আদি কাটি ধ্বংশ কৰা ফলতো বহুতো গুহাবাসী বাদুলি বিলুপ্তি তথা আবাসভূমি হেৰুৱাৰ কবলত পৰিছে৷ কেতিয়াবা সামূহিক জীৰণিস্থলত যদি এটা বা দুটা বাদুলি বধ কৰা হয় তেতিয়া জাকটোৱে ভয় খাই অন্য ঠাইলৈ প্ৰবজন কৰিব লগীয়া হয়৷ এনে প্ৰবজনত সুবিধাজনক ঠাই নাপালে অনেক বাদুলিৰ মৃত্যু হ'ব পাৰে ৷ বৰ্তমান সেয়ে পৃথিৱীৰ বহুতো দেশত বাদুলি সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছে৷ তাৰোপৰি বাদুলি সংৰক্ষণৰ বাবে বহুতো স্বেচ্ছাসেৱী সংগঠনে প্ৰচেষ্টা চলোৱা দেখা গৈছে৷
বাদুলি (ইংৰাজী: Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে৷ বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে৷ ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে৷ কিছুমান বাদুলিৰ প্ৰজাতি, বিশেষকৈ নেজযুক্ত বাদুলিৰ নেজডালো চামৰাৰ আৱৰণখনে আৱৰি থকা দেখা যায়। পৃথিৱীত প্ৰায় ১২৪০টা প্ৰজাতিৰ বাদুলি আছে। বাদুলিৰ প্ৰজাতিসংখ্যা স্তন্যপায়ী প্ৰাণীৰ মুঠ প্ৰজাতিসংখ্যাৰ শতকৰা ২০ ভাগ।