dcsimg
Image of bottle gourd
Creatures » » Plants » » Dicotyledons » » Cucumber Family »

Bottle Gourd

Lagenaria siceraria (Molina) Standl.

জাতি লাউ ( Assamese )

provided by wikipedia emerging languages

জাতি লাউ বা পানী লাউ (বৈজ্ঞানিক নাম:Lagenaria vulgaris) এবিধ লতা জাতীয় উদ্ভিদ৷[1] ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়৷

বিৱৰণ

জাত অনুযায়ী জাতি লাউৰ আকৃতি দীঘলীয়া বা ঘুৰণীয়া হয়৷ লতাজোপাৰ ঠাৰিবিলাক কোমল চানেকীয়াকৈ মঙহাল হয়৷ উপৰিভাগে সেউজীয়া ৰং ধাৰণ কৰে৷ ঠাৰিত চুটি চুটি নোম থকা দেখা যায়৷ লতাৰ গাঁঠিয়ে গাঁঠিিয়ে পোখা মেকি ঠাল-ঠেঙুলি ধৰে৷ ইয়াৰ পাতবোৰ খহটা হয়, উপৰিভাগত চুটি চুটি শুৱৰ আৱিৰ্ভাৱ হয়৷ আহল-বহল পাতখিলাৰ গুৰিৰ পৰা তিনিডাল তিনিডালকৈ সিৰ আৰু শাখাসিৰৰ উৎপত্তি হয়৷[1]

জাতি লাউৰ লতাত অলপ ডাঙৰ আকাৰৰ হালধীয়া ফুল ফুলে৷ এই ফুলবোৰ পুৰঠ হ'লে মঙহাল ফল ধৰে৷ ফলবোৰ তললৈ ওলমি থাকে নাইবা হেঁদালিৰ ওপৰতে পথালি-পথালিকৈ পৰি থাকে৷

ব্যৱহাৰ

জাতি লাউৰ ফলবোৰ কুমলীয়া অৱস্থাত তৰকাৰি কৰি খোৱ হয়৷ বুঢ়া জাতি লাউৰ খোলাটো পানী ৰখা পাত্ৰ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়৷ অসমৰ জনজাতীয় লোকসকলে দেশী মদ খাবৰ বাবেও এই লাউৰ খোলা ব্যৱহাৰ কৰে৷[1]

তথ্যউৎস

  1. 1.0 1.1 1.2 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

জাতি লাউ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

জাতি লাউ বা পানী লাউ (বৈজ্ঞানিক নাম:Lagenaria vulgaris) এবিধ লতা জাতীয় উদ্ভিদ৷ ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors