ভেঁকুৰ (ইংৰাজী: Fungus) ক বহুবচনত fungi বোলে৷ 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)৷ বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে৷ মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -ইটালিৰ উদ্ভিদ বিজ্ঞানী পিয়েৰ এণ্টনিঅ' মাইকেলি(১৭২৯ চনত)৷ ভেঁকুৰ হ'ল উদ্ভিদজগতৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত কোষকেন্দ্ৰযুক্ত সৰল প্ৰকৃতিৰ জীৱ৷ ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ উদ্ভিদৰ দৰে কাণ্ড,পাত আৰু মূলত বিভক্ত নহয়৷ ইহঁতৰ দেহটোক সমকায় (thallus) বোলে৷ [2]৷
ভেঁকুৰ পৃথিৱীৰ সকলো ঠাইতে সকলো পৰিবেশত পোৱা যায়,অৰ্থাৎ ভেঁকুৰ সৰ্বব্যাপী (ubiquitous)৷ জল,স্থল,বায়ু আৰু পোহৰৰ উপস্থিতি বা অনুপস্থিতিত ভেঁকুৰে বসবাস কৰিব পাৰে৷ ই যেনেকৈ নিম্ন উষ্ণতা (০°C তকৈ কম) ত বাচি থাকিব পাৰে,ঠিক তেনেকৈ মৰুভূমিৰ গৰম পৰিবেশতো জন্মা দেখা যায়৷ বেছিভাগ ভেঁকুৰে গেলা-পচা ফল,তৰকাৰী,ৰুটী,শুকান কাঠ,গলিত আৰু মৃত জীৱ-জন্তু আদিত জন্মে৷ কিছুমান জাম-জেলী,জোতা,পোছাক আদিত গজা দেখা যায়৷ আনকি কিছুমান ভেঁকুৰে মানুহ তথা ঘৰচীয়া জীৱ-জন্তুৰ ছাল,নোম,নখ,চকু আদিত বসবাস কৰে৷[2]
ভেঁকুৰৰ দেহত ক্ল'ৰ ফিল নথকা বাবে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে,অৰ্থাৎ ইহঁত পৰপুষ্ট (heterotrophic)৷ ভেঁকুৰ সাধাৰণতে পৰজীৱী বা মৃতজীৱী হয়৷ কিছুমানে আকৌ আন উদ্ভিদৰ সৈতে সহজীৱী (symbiont) ৰূপে বাস কৰে৷ পৰজীৱী ভেঁকুৰে জীৱীত পোষকদেহৰ পৰা খাদ্য আহৰণ কৰে৷ এইবিলাক ভেঁকুৰ দুই প্ৰকাৰৰ-
ভেঁকুৰৰ দেহটো এককোষী (যেনে-ইষ্ট ) বা বহুকোষী (যেনে-মিউকৰ) সূত্ৰাকাৰ হয়৷ এই বহুকোষী ভেঁকুৰবিলাকৰ দেহটো কিছুমান সূত্ৰৰ দ্বাৰা গঠিত৷ দেহ গঠনকাৰী সূত্ৰবিলাকৰ প্ৰতিডালক অনুসূত্ৰ বা হাইফা (hypha,বহুবচনত hyphae) বোলে৷ অনুসূত্ৰবোৰ শাখা-প্ৰশাখাযুক্ত আৰু পৰস্পৰ মিহলি হৈ থাকে৷ পৰস্পৰ মিহলি হৈ থকা অনুসূত্ৰৰ সমষ্টিটোক সূত্ৰপুঞ্জ (mycelium) বোলে৷ অনুসূত্ৰবোৰ অণুবীক্ষণ যন্ত্ৰত লক্ষ্য কৰিলে নলাকাৰ দেখায়৷ এই নলাকাৰ অনুসূত্ৰৰ মাজে মাজে কিছুমান প্ৰস্থবেৰ দেখা যায়৷ প্ৰস্থবেৰ থকা এই অনুসূত্ৰবোৰক প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰ (septate hyphae) বোলে৷ আনহাতে,কিছুমান ভেঁকুৰত নলাকাৰ অনুসূত্ৰবোৰত কোনো প্ৰস্থবেৰ নাথাকে,এনেধৰণৰ অনুসূত্ৰবোৰক প্ৰস্থবেৰহীন অনুসূত্ৰ (aseptate hyphae) বোলে৷ প্ৰস্থবেৰহীন অনুসূত্ৰবোৰক আকৌ চিন'চাইট (coenocyte) বোলে৷ প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত বা ৰন্ধ্ৰহীন হ'ব পাৰে৷ যিবিলাক অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত,সেইবিলাক অনুসূত্ৰৰ কোষৰ কোষকেন্দ্ৰ,চাইট'লাজম আৰু অন্যান্য পদাৰ্থ এটা কোষৰ পৰা আনটো কোষলৈ ৰন্ধ্ৰৰ মাজেৰে স্থানান্তৰ হয়৷[2]
ভেঁকুৰ (ইংৰাজী: Fungus) ক বহুবচনত fungi বোলে৷ 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)৷ বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে৷ মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -ইটালিৰ উদ্ভিদ বিজ্ঞানী পিয়েৰ এণ্টনিঅ' মাইকেলি(১৭২৯ চনত)৷ ভেঁকুৰ হ'ল উদ্ভিদজগতৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত কোষকেন্দ্ৰযুক্ত সৰল প্ৰকৃতিৰ জীৱ৷ ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ উদ্ভিদৰ দৰে কাণ্ড,পাত আৰু মূলত বিভক্ত নহয়৷ ইহঁতৰ দেহটোক সমকায় (thallus) বোলে৷ ৷
Fungal Hyphae Cells